নিউজ ডেস্ক : অসমৰ অন্যতম আগশাৰীৰ OTT প্লেটফৰ্ম ৰীলড্ৰামা (Reeldrama)-ই দৰ্শকৰ বাবে মুকলি কৰিছে মৃত্যুঞ্জয় নামৰ এখন নতুন ৱেব ছিৰিজ।
আজি গুৱাহাটীৰ নভ’টেল হোটেলত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত হাইদৰাবাদস্থিত অনলাইন প্লেটফ’ৰ্মটোৱে অসমৰ দৰ্শকৰ বাবে অনাগত দিনত দুখন অৰিজিনেল বোলছবিসহ ৭ খন নতুন ৱেবছিৰিজ লৈ আনিব বুলি ঘোষণা কৰে।
অনুষ্ঠানত উপস্থিত থাকি প্ৰতিষ্ঠানটোৰ সঞ্চালক কুহেলি দাশগুপ্তাই কয়, ‘যোৱা এই ৮ মাহৰ যাত্ৰাত অসমৰ ৰাইজে আমাৰ প্ৰতি দেখুওৱা মৰম আৰু আদৰত আমি অভিভূত হৈছো। চিত্ৰগৃহত মুক্তি লাভ কৰাৰ পূৰ্বেই চাৰিথন ছবিয়ে চলিত বৰ্ষৰ জানুৱাৰিত আৰম্ভ হোৱা ৰীলড্ৰামাত মুক্তি লাভ কৰিছে।’
‘আমাৰ যাত্ৰা আৰম্ভ হোৱা দিন ধৰি অসমৰ দৰ্শকৰ পৰা যথেষ্ট ভাল সহাঁৰি লাভ কৰিছো। ৰীলড্ৰামাৰ জৰিয়তে আমি অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ ছবিসমূহ বিশ্বৰ যিকোনো প্ৰান্তৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিবলৈ চেষ্টা কৰি আহিছো। তেওঁ কয়।
ইয়াৰ অংশ হিচাপেই আজি ৮খন নতুন ৱেবছিৰিজ আৰু ২ খন অৰিজিনেল বোলছবিৰ নাম ঘোষণা কৰা হয় বুলি দাশগুপ্তাই জানিবলৈ দিয়ে।
অৱশ্যে ইয়াৰ মাজতে একাংশই তেওঁলোকৰ এপত মুক্তি পোৱা কণ্টেণ্টসমূহ ৰেকৰ্ড কৰি আন ৱেবছাইটত মুকলি কৰাৰ অভিযোগ আনি এই সম্পৰ্কত চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে বুলি সঞ্চালক গৰাকীয়ে সদৰী কৰে।
ৰীলড্ৰামাত আজি মুক্তি পোৱা ৱেবছিৰিজখন হৈছে নানন পাচনি পৰিচালিত মৃত্যুঞ্জয়। বাকী ৭ খন নতুন ৱেবছিৰিজ অহা কিছুদিনৰ ভিতৰতে মুক্তি লাভ কৰিব।
১. নানন পাচনি পৰিচালিত ‘মৃত্যুঞ্জয়’

২. কেনি বসুমতাৰী পৰিচালিত ‘কি কোৱা দোস্তি’

৩. মুন্না আহমেদ পৰিচালিত ‘ক্ষুধা, দ্যা হাংগাৰ’

৪. সংকল্পজিৎ হাজৰিকা পৰিচালিত ‘ঔ’

৫. হিমজ্যোতি তালুকদাৰ আৰু ধ্ৰুব বৰদলৈ পৰিচালিত ‘ট্ৰজান’

৬. কল্পজ্যোতি দাস পৰিচালিত ‘অমৰ প্ৰেম’

৭. শংকু নিৰঞ্জন নাথ পৰিচালিত ‘নেউল’

৮. পাৰ্ভেজ আহমেদ পৰিচালিত ‘এল’

ৰীলড্ৰামা এপটো ‘গুগল প্লে’ ষ্টোৰ’ তথা ‘এপষ্টোৰ’ আদিত গৈ ডাউনল’ড কৰিব পাৰি। ইয়াৰ উপৰি তেওঁলোকৰ ৱেবছাই www.reeldrama.com- ত গৈ ডাউনল’ড কৰিব পাৰে।
লগতে পঢ়ক : হৃৎপিণ্ড সুস্থ আৰু সবল কৰি ৰাখিবলৈ কেনে আহাৰ গ্ৰহণ কৰিব লাগে?