বাক্সা : ধৃত দুধর্ষ ডকাইত হীৰকজ্যোতি ডেকাক জেৰা চলাই আৰক্ষীয়ে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে পিষ্টল অৰু গুলী। মুছলপুৰত গাঁতত পুতি থোৱা অৱস্থাত পিষ্টল উদ্ধাৰ। বাক্সাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিপথাৰ গাঁৱৰ দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে এটা পিষ্টলসহ গুলী আৰু মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
বাক্সাৰ মুছলপুৰত পুনৰ অবৈধ অস্ত্ৰৰ ঝনঝননি। এইবাৰ ধৃত ডকাইতৰ পৰা মুছলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল আৰু গুলী। কিছুদিন পূৰ্বে বেলগুৰিপথাৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত হীৰকজ্যোতি ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে হীৰকজ্যোতি ডেকাৰ ঘৰৰ পিছফালৰ দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে পইন্ট টু টু পিষ্টল এটা, দুই জাই সজীৱ গুলী আৰু এটা মেগজিন৷
লগতে পঢ়ক : বাঘজানত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা গাঁওবাসীৰ ওপৰত আৰক্ষীৰ আক্ৰমণ, কেইবাজন আহত
বাক্সাৰ উপ আৰক্ষী অধীক্ষক প্ৰনৱজ্যোতি কলিতা আৰু মুছলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ধৃত ডকাইত হীৰকজ্যোতি ডেকাক লগত লৈ অবৈধ পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিগত তিনি-চাৰি বছৰ ধৰি মুছলপুৰ আৰু বৰমা অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা ছয় জনীয়া ডকাইতৰ দলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।