গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে অভিভাৱক মন্ত্ৰীৰূপে বিশ্বনাথ জিলা ভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশ লয়। সাংসদ পল্লৱ লোচন দাস আৰু জিলাখনৰ অন্তৰ্গত সমষ্টিসমূহৰ বিধায়কসকলৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত তথা আন বিভাগীয় বিষয়াৰ পৰা জিলাখনৰ সামগ্ৰিক পৰিস্থিতি, বিশেষকৈ ক’ভিড সৃষ্ট পৰিস্থিতি আৰু আসন্ন বানপানীৰ সময়ৰ বাবে লোৱা প্ৰস্তুতিৰ বুজ লয়।

খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে প্ৰাথমিকতা দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে জনায় যে প্ৰতি বছৰে মে’ মাহৰ ভিতৰত মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ কাম শেষ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াক ইতিমধ্যেই নিৰ্দেশ দিয়া হৈছে। তেওঁ আৰু জনায় যে, বাৰিষাৰ সময়ৰ বাবে মথাউৰিৰ কেৱল জৰুৰীকালীন মেৰামতিৰ কামবোৰহে বাকী থাকিব পাৰিব। এই ক্ষেত্ৰত বিভাগীয় বিষয়ববীয়াক আগতীয়াকৈ আনুস্থানিক কাম কাজ শেষ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। আনহাতে মথাউৰি নিৰ্মাণৰ কামৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

জিলাখনৰ ক’ভিডসৃষ্ট পৰিস্থিতিৰ পৰ্যালোচনা কৰি মন্ত্ৰী পীযুষ হাজৰীকাই গৃহ আছুতীয়াকৰণৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। পৰাপক্ষত গৃহ আছুতীয়াকৰণৰ সলনি ৰোগীসকলক ক’ভিড কেয়াৰ চেণ্টাৰত ৰাখিলে ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহজ হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। বিশ্বনাথ জিলাত ক’ভিড ১৯ ৰ প্ৰতিষেধক উপলব্ধ হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। আনহাতে জিলাখনত ক’ভিড ১৯ ৰ ভেকচিন মজুত ৰাখিব পৰাকৈ উপযুক্ত ব্যৱস্থা নথকাৰ কথা জানিব পাৰি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ লোকনিৰ্মাণ আৰু বিদ্যুৎ বিভাগক ১০ দিনৰ ভিতৰত স্বাস্থ্য বিভাগৰ সহযোগত ভেকচিন মজুত ৰাখিব পৰা ব্যৱস্থা সাজু কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জিলাখনত মজুত থকা দৰৱ আদিৰ খতিয়ান লোৱাৰ লগতে কণ্টেইনমেণ্ট জ’নত থকা পৰিয়ালক প্ৰদান কৰা গুণগত খাদ্যসামগ্ৰীৰ বিষয়েও বুজ লয়।

লগতে পঢ়ক : গুৱাহাটীক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা , পুৰণি কাৰাগাৰৰ ভূমিত ব’টানিকেল গাৰ্ডেন

পৰ্যালোচনা সভাখনত স্থানীয় সাংসদ পল্লৱ লোচন দাসৰ লগতে বিধায়ক সকল ক্ৰমে ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাও উপস্থিত থাকে। আনহাতে এই পৰ্যালোচনা সভাখনৰ পাছতে মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ পানপুৰ অঞ্চলৰ মথাউৰি আৰু নদীৰ কাষৰীয়া অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা কাম কাজ সমূহৰ অগ্ৰগতিৰ বুজ লয় আৰু আসন্ন বাৰিষাৰ সময়ৰ সম্ভাব্য বিপদৰ পৰা অঞ্চলটোৰ ৰাইজক সুৰক্ষা দিবৰ বাবে ল’ব লগা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply