ডিব্ৰুগড় : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে ডিব্ৰুগড় জিলাৰ কেইবাটাও খহনীয়া আৰু বানপানী প্ৰবল অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে অঞ্চলকেইটাত মথাউৰী আৰু খহনীয়াৰ বুজ লয়। অসম চৰকাৰৰ “বানমুক্ত অসম”ৰ লক্ষ্যক বাস্তৱত পৰিণত কৰাৰ বাবে জলসম্পদ বিভাগে হাতত লোৱা কাম-কাজ সমূহৰ অগ্ৰগতি প্ৰত্যক্ষভাৱে বুজ লোৱাৰ উদ্দেশ্যৰে মন্ত্ৰীগৰাকীয়ে দেওবাৰে পুৱাতে তিনিচুকীয়া জিলাৰ গুইজানত উপস্থিত হয়গৈ।

গুইজানস্থিত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সমাধিস্থলীত শ্ৰদ্ধা অৰ্পণ কৰি মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা এই সমাধিস্থল ৰক্ষা কৰাৰ বাবে বিভাগীয় বিষয়াক শীঘ্ৰে যাৱতীয় ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নতুনগাঁও, ৰঙাগড়া, টেঙাবাৰী, মিৰিগাঁও আদি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ৰহমৰীয়াৰ পৰা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ কিছু অংশকে ধৰি ডিব্ৰুগড় জিলাৰ বগীবিললৈকে প্ৰায় ৬৫ কিল’মিটাৰ অঞ্চল নাৱেৰে পৰিদৰ্শন কৰি অঞ্চল কেইটাত খহনীয়া স্থানসমূহৰ বুজ লয়।

লগতে পঢ়ক : ক্ষমতা গ’ল যদিও দম্ভ এৰা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে বান সমস্যাৰ পৰা অঞ্চলটোক মুক্ত কৰিবলৈ বৈজ্ঞানিকভাৱে মাথাউৰি নিৰ্মাণ কৰাৰ লগতে পাৰ্কুপাইন বান্ধ আৰু জি’অ বেগৰ ব্যৱহাৰ কৰিবলৈও বিভাগীয় বিষয়ববীয়া সকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত তেওঁৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, বিধায়ক সকল ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, বলিন চেতিয়া আৰু পোনাকন বৰুৱাৰ লগতে জিলা উপায়ুক্ত, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন বিষয়ববীয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply