কোকৰাঝাৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ খহনীয়া পৰিস্থিতি আৰু আসন্ন বানপানীৰ সময়ৰ প্ৰস্তুতিৰ বুজ লয়। দুপৰীয়াৰ ভাগত মন্ত্ৰী গৰাকী জিলাখনত উপস্থিত হৈ নতুনকৈ নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয়খনৰ সমীপৰ গৌৰাংগ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি নদীখনৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত চলি থকা কাম কাজৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে।
মন্ত্ৰী গৰাকীয়ে লগতে আৱৰ্ত ভৱন আৰু চুইপাৰ কলনীৰ কাষত নদীখনৰ খহনীয়াৰো বুজ লয়। খহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শনৰ পিছত মন্ত্ৰী গৰাকীয়ে বি.টিআৰৰ সচিবালয়ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু আন কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিত জিলা উপায়ুক্ত তথা জিলা প্ৰশাসনৰ আন বিষয়াসকল আৰু জিলা জলসম্পদ বিভাগৰ সৈতে জিলাখনৰ আসন্ন বানপানীৰ সময়ৰ প্ৰস্তুতি আৰু নদীৰ খহনীয়া বুজ লবলৈ এখন পৰ্যালোচনা সভাত অংশ লয়।
লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাধা নিদিলে শিৱসাগৰৰ উন্নয়ন ৰাইজে চাব পাৰিব : অখিল গগৈ
পৰ্যালোচনা সভাখনত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান, জিলা আৰক্ষী অধীক্ষক আৰু জলসম্পদ বিভাগৰ নামনি অসম ডিভিজনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।