ধেমাজি : বানমুক্ত অসমক কার্যকৰী কৰাৰ এক অংশ স্বৰূপে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযােগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্রী পীযুষ হাজৰীকাই ধেমাজি জিলাৰ বিভিন্ন মথাউৰী আৰু বানপানীৰ আশংকা থকা স্থানসমূহ পৰিদৰ্শন কৰে। সাংসদ প্রদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ সৈতে মন্ত্রীগৰাকীয়ে জোনাইৰ ঐৰাম ঘাট, বেৰা চাপৰি, তিনিমাইল আৰু চেঙাজান অঞ্চল পৰিদৰ্শন কৰি মথাউৰীৰ কাম কাজৰ লগতে খহনীয়া অঞ্চলৰ বুজ লয়।

মন্ত্রীগৰাকীয়ে জলসম্পদ বিভাগৰ মূখ্য অভিযন্তাৰ উপস্থিতিত আন বিভাগীয় বিষয়াসকলক বানপানীৰ আগে আগে প্রয়ােজনীয় সকলাে ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰি ধেমাজি জিলাখনক বানৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে নির্দেশ প্রদান কৰে। চেঙাজান অঞ্চলত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে পৰৱর্তী দুটা বছৰত জোনাই অঞ্চলৰ বানপানী তথা খহনীয়া ৰােধৰ বাবে বিশেষভাৱে মন দিব বুলি উল্লেখ কৰে। জোনাইৰ পৰা ধেমাজিৰ পথত মন্ত্রী পীযুষ হাজৰীকাই সাতঘৰি অঞ্চল পৰিদৰ্শন কৰি খহনীয়াৰ বুজ লয় আৰু শীঘ্ৰে খহনীয়া ৰােধ কৰাৰ বাবে সকলাে ব্যৱস্থা লবলৈ বিভাগীয় বিষয়ববীয়াক নির্দেশ দিয়ে।

আনহাতে গাই নদীৰ মথাউৰী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে মথাউৰীৰ বাকি থকা কাম শীঘ্ৰে সমাপ্ত কৰিবলৈ বিভাগীয় বিষয়ববীয়া আৰু ঠিকাদাৰক নির্দেশ দিয়ে। মন্ত্রীগৰাকীয়ে ধেমাজি জিলাৰ জীয়াধল অঞ্চল পৰিদৰ্শন কৰি জীয়াধলত বর্তমানে চলি থকা কামৰ বুজ লয়। এই ক্ষেত্ৰটো মন্ত্রীগৰাকীয়ে প্রয়ােজনীয় সকলাে কাম অতি শীঘ্ৰে শেষ কৰি বানপানীৰ পৰা জিলাখনক মুক্ত কৰাৰ বাবে পদক্ষেপ ল’বলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ প্রদান কৰে।মন্ত্রীগৰাকীক এই যাত্ৰাত সাংসদ প্রদান বৰুৱা, বিধায়ক ভুৱন পেগুৰ লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী ডা: ৰণােজ পেগুৱেও সংগ দিয়ে।

লগতে পঢ়ক : নগাঁৱৰ হেৰাপট্টিত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া মনছুৰ

জীয়াধল অঞ্চলত সংবাদকর্মীৰে হােৱা কথােপকথনত মন্ত্রী পীযুষ হাজৰিকাই উল্লেখ কৰে যে অসমৰ ভিতৰতে এখন অন্যতম বানপানী হােৱা অঞ্চল হৈছে ধেমাজি আৰু অসমৰ আন স্থানসমূহৰ লগতে ধেমাজিকো বানমুক্ত কৰাৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্রীগৰাকীৰ এই পৰিদৰ্শন কালত জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক তথা জিলা প্রশাসনৰ আন বিষয়াসকলৰ লগতে জলসম্পদ বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply