গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে বিয়লি বিহপুৰীয়া সমষ্টিৰ বনপূৰৈ জামুগুৰি অঞ্চল পৰিদৰ্শন কৰি অঞ্চলটোত খহনীয়া ৰোধৰ বাবে চলি থকা বিভাগীয় কামৰ অগ্ৰগতিৰ বুজ লয়।
মন্ত্ৰীগৰাকীয়ে আসন্ন বাৰিষাৰ সম্ভাৱ্য বিপদৰ পৰা অঞ্চলবাসীক সুৰক্ষা প্ৰদানৰ অৰ্থে কাৰিকৰী দিশসমূহৰ সঠিক পৰ্যালোচনাৰ মাজেৰে ব্যৱস্থা গ্ৰহণৰ লগতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সকলো ধৰণৰ ব্যৱস্থা ল’বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।
পৰিদৰ্শন কালচোৱাত মন্ত্ৰীগৰাকীৰ লগত সাংসদ পল্লৱ লোচন দাস, স্থানীয় বিধায়ক অমিয় ভূঞা, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, লখিমপুৰ জিলাৰ উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক : এইবাৰ প্লাষ্টিক মগুমাহ ওলাল কামপুৰৰ নামঘৰত
উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বেও মন্ত্ৰী পীযুষ হাজৰীকাই এই বনপূৰৈ জামুগুৰি অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়াক খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।