আমিনগাঁও : কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এক আদেশ যোগে সকলো ধৰণৰ পুনৰ নৱীকৰণ কৰা বা নতুনকৈ প্ৰস্তুত কৰা সামগ্ৰী কঢ়িওৱা প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু কিনা-বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ জনস্বাস্থ্য আৰু জনসাধাৰণ তথা জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধনেৰে পৰিৱেশতন্ত্ৰলৈ ভাবুকি কঢ়িায়াই অনাৰ পৰিপ্ৰেক্ষিতত এই আদেশ জিলাখনত তৎকালীনভাৱে বলবৎ কৰা হৈছে৷
এই নিষেধাজ্ঞা আগন্তুক ষাঠি দিন বা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বলবৎ থাকিব৷ এই আদেশ অমান্য কৰিলে আইপিচিৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডণীয় হ’ব৷ অৱশ্যে, অৰ্থনৈতিক মণ্ডল আৰু ৰপ্তানি ভিত্তিক গোটত থকা প্লাষ্টিক উদ্যোগত কেৱল ৰপ্তানি জনিত কাৰণত প্ৰস্তুত কৰা প্লাষ্টিক বেগ, প্ৰস্তুত কৰণ বা প্ৰক্ৰিয়াকৰণ গোটত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পেকেজিং কৰাৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় ৰূপে চিহ্নিত হোৱা প্লাষ্টিক বেগৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকে।
লগতে পঢ়ক : তেজপুৰস্থিত DRL-DRDO-ত নিযুক্তি; জানক আৱেদনৰ শেষ তাৰিখ
লগতে বন পালন আৰু উদ্যান শস্যৰ নাছাৰ্ৰীত কোনো চৰকাৰী বিভাগ বা ফাৰ্মে দিয়া অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক বেগ বা চিট আৰু ঔষধ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিক বেগ বা প্লাষ্টিকৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বলবৎ নহ’ব৷