মঙলদৈ, প্ৰবীণ বৰুৱাঃ আজি পুৱা অসমত আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসমত উপস্থিত হৈ ডিফুত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হয় ডিব্ৰুগড়ত। ৰাজ্যৰ ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী শুভাৰম্ভ কৰে দৰং কেঞ্চাৰ চিকিৎসালয়ৰ৷ দৰং প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰে দৰং কেঞ্চাৰ চিকিৎসালয়খন৷

উক্ত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ,সাংসদ দিলীপ শইকীয়া ,ছিপাঝাৰ ,মংগলদৈ আৰু দলগাৱৰ বিধায়ক ,মীন নিগমৰ অধ্যক্ষ গুৰুজ্যেতি দাস সহ দৰং প্ৰশাসনৰ বিষয়ববীয়া সকল৷

আজি প্ৰধানমন্ত্ৰীয়ে দৰং কেঞ্চাৰ চিকিৎসালয়খন উদ্বোধন কৰাৰ পিছত কাইলৈ অৰ্থাৎ ২৯ এপ্ৰিলৰ পৰা ৰাইজে বহিঃবিভাগৰ চিকিৎসা সেৱাৰ লগতে কেম’ সেৱা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply