নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা বৃহস্পতিবাৰে উপস্থিত হ’ব অসমত। প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা ১১.৩০ বজাত ডিফুত শান্তি আৰু বিকাশ শীৰ্ষক এক ৰেলীত অংশগ্ৰহণ কৰিব।
তাৰপাছত দিনৰ প্ৰায় ২.৩০ বজাত তেওঁ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ কেঞ্চাৰ হাস্পতালত উপস্থিত হৈ এক কাৰ্যসূচীত কৰিব অংশগ্ৰহণ।
উল্লেখ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা আয়োজিত এক ৰঙালী বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
ইফালে, দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে গুৱাহাটী পৌৰসভা নিৰ্বাচনত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ৫৮টা ৱাৰ্ডত জয়ী হোৱাৰ পাছত গুৱাহাটীবাসীক ধন্যবাদ জ্ঞাপন কৰে।