নিউজ ডেস্কঃ কাইলৈ অসমত আহি উপস্থিত হ’বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পুৱা ১১.৩০ বজাত ডিফু এক ৰেলীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিফুৰ অনুষ্ঠানস্থলী পৰিদৰ্শন কৰিছে।

ডিফুত শান্তি, ঐক্য আৰু উন্নয়ন ৰেলী সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। যাৰ বাবে ৰেলী সম্বোধন স্থলী সাজু কৰি তোলা হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ তত্বাৱধানত।

আজি অনুষ্ঠানস্থলী পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা আৰু যোগেন মহনকে ধৰি পৰিষদৰ মাননীয় সদস্য আৰু জ্যেষ্ঠ চৰকাৰী বিষয়ববীয়াসকল৷

উল্লেখ্য যে, ডিফুত শান্তি, ঐক্য আৰু উন্নয়ন ৰেলী সম্বোধন কৰাৰ পাছত দিনৰ ২.৩০ বজাত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ কেঞ্চাৰ হাস্পতালত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply