লখিমপুৰ, পল্লব মিলিঃ আজি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰথমে কাৰ্বি আংলঙৰ ডিফুত এক ৰেলীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। তাৰপাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ ৭ খনকৈ কেঞ্চাৰ চিকিৎসালয়ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নিৰ্মিত অত্যাধুনিক কেঞ্চাৰ চিকিৎসালয়খন ডিব্ৰুগড়ৰ পৰাই ভাৰ্চুৱেলী শুভ উদ্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্কট ৰোগীৰ বাবে উৎসৰ্গা কৰি অসমবাসীক সম্বোধন কৰে।

লখিমপুৰৰ ৪৫ খন বিচনাযুক্ত কেঞ্চাৰ চিকিৎসালয়খনত এগৰাকী দন্ত চিকিৎসক সহ চাৰিগৰাকী চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিব ২৯ এপ্ৰিলৰ পৰা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰা এই কাৰ্যসূচীত লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উপস্থিতিত লখিমপুৰ কৰ্কট চিকিৎসালয়ৰ অধীক্ষক সহ চিকিৎসালয়ৰ চিকিৎসক-বিষয়া কৰ্মীসকলো উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply