নিউজ ডেস্কঃ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৰঝাৰৰ পৰা পোনে পোনে শ্বিলঙলৈ যাব প্ৰধানমন্ত্ৰী গৰাকী ।

আজি মেঘালয় আৰু ত্ৰিপুৰাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰথমে শ্বিলঙত উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পাছত আগৰতলাত আন এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। 

উল্লেখ্য় যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে মেঘালয় ৰাজ্যৰ বাবে ২৪৫০ কোটি টকাৰো অধিক ধন ব্যয় সাপেক্ষে বহু কেইটা প্ৰকল্প আৰু ত্ৰিপুৰাত ৪৩৫০ কোটিৰো অধিক টকাৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply