প্ৰাক্তন মুখ্য মন্ত্ৰী, প্ৰবীণ ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰে।
প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দিয়া টুইটত প্ৰধান মন্ত্ৰী মোদীয়ে বৰ্মনৰ গুণমুগ্ধ আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰে।
তেওঁৰ উপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰাই নেতা গৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰি টুইট দিয়ে।
ইয়াৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হৰিশ পাটোৱাৰী আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাইয়ো বৰ্ষীয়ান নেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ অন্তত আজি সন্ধ্যা গুৱাহাটীৰ দিছপুৰ হাস্পতালত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।