গুৱাহাটীঃ ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰৰ শুৱালকুছি-পলাশবাৰী প্ৰস্তাবিত দলঙৰ আধাৰশিলা স্থাপন কৰিব। ১ নৱেম্বৰত নৱনিৰ্মিত শুৱালকুছি মিনি বজাৰগৃহ আৰু পুনৰ নিৰ্মিত শ্ৰীমন্ত শংকৰ নাটঘৰৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ঘোষণা কৰে।
৪,০০০ কোটি টকাৰ ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হ’ব দলংখন।
তদুপৰি, মুখ্যমন্ত্ৰীয়ে ৪৯লাখ ৫৬ হাজাৰ টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা ৪০০ আসনৰ শুৱালকুছি শংকৰ নাটঘৰৰ শুভ উদ্বোধন কৰে।
শিঙিমাৰীৰ পৰা আজ্ঞাঠুৰীলৈ হ’ব চাৰিলেনযুক্ত পথ। শুৱালকুছিৰ পৰা গোটেই অঞ্চল সাঙুৰি এটা লিংক ৰোড হ’ব।
তদুপৰি অনাগত দিনত শুৱালকুছি চিকিৎসালয়খন ১০০ বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে শুৱালকুছিৰ ক্ৰীড়া কমপ্লেক্সক নতুন ৰূপ দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।