নিউজ ডেস্কঃ বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঁঞিক মৃত্যুত শোকপ্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

টুইটাৰযোগে বৰগোহাঁঞিৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসমীয়া সাহিত্য, সাংবাদিকতালৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ কথা উল্লেখ কৰি টুইটটোত লিখে এনেদৰে-

”অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ’ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি।”

আৰু পঢ়কঃবিশিষ্ট সাহিত্যিক, সাংবাদিক, কথাশিল্পী হোমেন বৰগোহাঞিৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন সংগঠনৰ শোকবাৰ্তা আৰু শ্ৰদ্ধাঞ্জলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply