নিউজ ডেস্ক : লাচিত দিৱস উপলক্ষে লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধান মন্ত্ৰীয়ে টুইটাৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত বীৰ যোদ্ধা গৰাকীলৈ শ্ৰদ্ধা জনায়।
অসমীয়াত দিয়া এটা টুইটত তেওঁ কয়, ‘আজি লাচিত দিৱস উপলক্ষে মই বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেওঁক সাহস আৰু সন্মানৰ মাৰ্গদৰ্শক আৰু অসমৰ বিশাল সংস্কৃতিৰ ৰক্ষক হিচাবে স্মৰণ কৰা হয়। তেওঁ সকলোৰে বাবে সমতা, ন্যায় আৰু গৰিমাৰ আদৰ্শৰ বাবে প্ৰতিবদ্ধ আছিল’
১৬২২ চনৰ ২৪ নৱেম্বৰৰত চৰাইদেউত লাচিত বৰফুকনৰ জন্ম হৈছিল। বীৰ আহোম সেনাপতি গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে অসমত ২৪ নৱেম্বৰত লাচিত দিৱস পালন কৰি অহা হৈছে।
লগতে পঢ়ক : গৌতম গম্ভীৰক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী সংগঠন ISIS -ৰ