নিউজ ডেস্কঃ কালি মেঘালয় আৰু ত্ৰিপুৰাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শ্বিলঙত উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
কালি পুৱা ১০.৩০ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে শ্বিলঙৰ ৰাজ্যিক অধিবেশন কেন্দ্ৰত এক বৈঠকত অংশগ্ৰহণ কৰিব। তাৰ পাছতে ১১.৩০ বজাত শ্বিলঙত এক ৰাজহুৱা অনুষ্ঠানত একাধিক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব তেওঁ
ইয়াৰ পাছত আগৰতলাত আন এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
উল্লেখ্য় যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে মেঘালয় ৰাজ্যৰ বাবে ২৪৫০ কোটি টকাৰো অধিক ধন ব্যয় সাপেক্ষে বহু কেইটা প্ৰকল্পৰ উদ্বোধন কৰিব। ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি, টেলিকমৰ যোগাযোগ অধিক উন্নত কৰাৰ প্ৰতি বিশেষ পদক্ষেপ লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইয়াৰো পৰি, প্ৰধানমন্ত্ৰী মোডীয়ে ৬টা পথৰ আধাৰশিলা স্থাপন কৰিব। আৰু এই পথ কেইটা হ’ব অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত।
ইফালে, ত্ৰিপুৰাত ৪৩৫০ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। পথ সংযোগৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে আগৰতলা বাইপাছ (খায়েৰপুৰ – আমতালি) ৰাষ্ট্ৰীয় ঘাইপথ-০৮ বহল কৰাৰ প্ৰকল্পটো উদ্বোধন কৰিব, যিয়ে আগৰতলা চহৰৰ যান-জঁটৰ সমস্যা সমাধান কৰাত সহায় কৰিব।