অহা ১৪ এপ্ৰিল অৰ্থাৎ ব’হাগ বিহুৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অসমীয়াৰ বুকুৰ আপোন বিহুৱে এই দিনটোতে গঢ়িব বিশ্ব ৰেকৰ্ড। সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰৰ অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহু ৷ অসমীয়াৰ বাপতি সাহোন বিহুৱে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ পিছতেই সেই দিনটোতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহুৰ উপহাৰ হিচাপে অসম বাসীলৈ আগবঢ়াব এটা লাভজনক উদ্যোগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নামৰূপস্থিত “অসম পেট্ৰ’কেমিকেলছ লিমিটেড” (এপিএল)ৰ নতুন কৈ নিৰ্মাণ কৰি উলিওৱা ৫০০ টিপিডি মিথানল প্ৰকল্প।
২০১৩ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল তাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অহৰহ প্ৰচেষ্টাত লগতে ভাৰতবৰ্ষৰ ১১টা কোম্পানীয়ে দ্ৰুত গতিত আগবঢ়াই নিয়া কামৰ ফলত বৰ্তমান প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিছে।
বৰ্ধিত মিথানল প্ৰকল্পটোৱে দৈনিক ৫০০টন মিথানল আৰু ২০০ টন ফৰ্মেনিল উৎপাদন কৰি ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে বাংলাদেশৰ পৰা মিথানলৰ বাবে পৰ্যাপ্ত ৰিকুইজিচন পাইছে এ পি এলে। প্রাকৃতিক গেছক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি মিথানল প্লাণ্ট স্থাপন কৰা দেশৰ প্রথমটো উদ্যোগ নামৰূপস্থিত এ পি এলত অসম চৰকাৰৰ ৫১% শ্বেয়াৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ৪৯% শ্বেয়াৰ থকা অসম চৰকাৰৰ ই এটা অধিক লাভজনক উদ্যোগ ৷
এইক্ষেত্ৰত এ পি এলৰ অধ্যক্ষ বিকুল ডেকাই কয় যে, ‘২০০ টিপিডি ফৰ্মেলিন প্ৰকল্প চলিত বৰ্ষৰ নৱেম্বৰ মাহত কমিছনিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।৫০০ টিপিডি মিথানল আৰু ২০০ টিপিডি ফৰ্মেলডিহাইড সম্প্ৰসাৰণ প্ৰকল্প প্ৰায় সম্পূৰ্ণ হৈছে আৰু অসমে অতি সোনকালে বাংলাদেশলৈ এই ৰাসায়নিক সামগ্ৰী ৰপ্তানি কৰিব পাৰিব। মেঘালয়ৰ ডাউকি হৈ বাংলাদেশৰ চিলেট জিলালৈ পথৰ জৰিয়তে মিথানল ৰপ্তানিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
লগতে অধ্যক্ষ গৰাকীয়ে কয় যে প্ৰায় ১৮ শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান সম্পূৰ্ণ হোৱা এই প্ৰকল্পটোত প্ৰায় দুই তিনি শতাধিক নিৱনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব বুলি অৱগত কৰে।
ব’হাগ বিহুৰ সময়ত এনে এক ইতিবাচক খবৰে প্ৰকল্পটোৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলৰ লগতে নামৰূপবাসীসকলকো উৎফুল্লিত কৰি তুলিছে ।