মৰাণ: চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ খুমটাইত আজি PMAY-G কলনি নামেৰে এটা অঞ্চল নামকৰণ কৰা হয় । চৰকাৰী ভূমিৰ মুঠ ১০ বিঘা মাটিকালিৰে ৪৩ টা ভূমিহীন পৰিয়ালক আবাসগৃহ নিৰ্মাণেৰে অঞ্চলটোত সংস্থাপন কৰা হ’ব ।

আজি কেবিনেট মন্ত্ৰী যোগেন মহনে আধাৰশিলা স্থাপনেৰে এই কামৰ শুভাৰম্ভ কৰে । এই উদ্দেশ্যে খুমটাই গাঁও পঞ্চায়ত এলেকাৰ PMAY-G কলনিত এখন সভাও অনুষ্ঠিত হয় । সভাখনত মন্ত্ৰী যোগেন মহনৰ লগতে চৰাইদেউ জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সভাপতিৰ লগতে বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

সম্পূৰ্ণ চাৰিবেৰা পকীকৰণেৰে প্ৰায় ৫৫ লাখ টকাতকৈও অধিক পুজিৰে নিৰ্মাণ হ’ব ল’গা গৃহসমূহত বিদ্যুতৰ সুবিধা দিয়াৰ লগতে পৰিয়ালকেইটাক চৰকাৰী সকলো সুবিধাই দিয়া হ’ব বুলি মন্ত্ৰী যোগেন মহনে মন্তব্য কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply