সৌৰশক্তি চালিত নলীনাদ উদ্বোধন

জল সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাপনাক উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াক ফলপ্ৰসূ কৰিবলৈ জলসিঞ্চন ‘হৰ খেত কো পানী’ (প্ৰত্যেক খেতিতে পানী)য়ে সামৰি লোৱা ক্ষেত্ৰৰ সম্প্ৰসাৰণ লক্ষ্য তথা উৎস সৃষ্টি, বিতৰণ ব্যৱস্থাপৱা ক্ষেত্ৰ ভিত্তিক প্ৰয়োগ আৰু সম্প্ৰসাৰণমূলক কাম-কাজৰ চূড়ান্ত সমাধানেৰে এক কেন্দ্ৰীভূত ধৰণেৰে প্ৰতি টোপালত অধিক শস্য – জল ব্যৱহাৰৰ কাৰ্যকৰিতা উন্নতকৰণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা (PMKSY) সৃষ্টি কৰা হৈছে।

চৰকাৰৰ এই আঁচনি যাতে সকলো শ্ৰেণীৰ কৃষকে লাভ কৰিবলৈ সক্ষম হয় সেই উদ্দেশ্যে আজি সোণাৰিত এটা নলীনাদ আঁচনি উদ্বোধন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উদ্বোধন কৰে আঁচনিখন। চফ্ৰাই মোহন গাঁওত উদ্বোধন কৰা সৌৰশক্তি চালিত নলীনাদ আঁচনিখনৰ জৰিয়তে কৃষকসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক মাতৃৰ কাষত উপস্থিত হ’লগৈ বিধায়ক অখিল গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply