নিউজ ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতত মঙলবাৰে নিশা ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক বিশেষ গুৰুত্বপূৰ্ণ বৈঠক হয়। বৈঠকখন ৰাজ্যিক অতিথি শালাত অনুষ্ঠিত হয়।
এই গুৰুত্বৰপূৰ্ণ বৈঠক খনত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলো কেবিনেট মন্ত্ৰী উপস্থিত থাকে।
কেবিনেট মন্ত্ৰীসকলে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী বহুমূলীয়া উপস্থিতি আৰু দিহা-পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ পোষ্ট কৰি লিখে যে, “এইয়া অসমৰ বাবে এক গৌৰৱপূৰ্ণ আৰু ঐতিহাসিক মুহূৰ্ত আছিল”।
লগতে পঢ়ক – নগাঁৱত পাঁচজন সন্দেহযুক্ত পাকিস্তানী এজেণ্টক গ্ৰেপ্তাৰ