সোণাৰি: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে ঘোষণা কৰা কৰ্মবিৰতিয়ে আজি দহ দিন অতিক্ৰম কৰিলে। তাৰ পিছতো গুৰুত্ব দিয়া নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই।

ইয়াৰ পৰিপ্ৰেক্ষিতত ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰীসকলে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি এই হুংকাৰ প্ৰদান কৰিলে সোণাৰিত।

উল্লেখ্য যে, সোণাৰিস্থিত চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয় প্ৰাংগনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। চৰাইদেউ জিলাৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তত নিয়োজিত কৰ্মচাৰী সকলে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰাৰ দাবী জনায় কৰ্মচাৰী সকলে।

আনহাতে সকলো কৰ্মচাৰীৰ R.O.P.ৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্রযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয় ভাৱে পৰীক্ষা পাতি নিযুক্তি প্রদান কৰাৰ দাবী জনায় কৰ্মচাৰী সকলে। আনহাতে বিষয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাৱী জনাইছে কৰ্মচাৰী সকলে।

লগতে পঢ়ক – শিৱসাগৰৰ ঐতিহাসিক ৰংচাই (লংচাই) বিলত চলিছে অবৈধ বেদখল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply