বাক্সা : বাক্সাৰ ভাৰত-ভূটান সীমান্তত আটক চোৰাং চিকাৰী। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভুটান সীমান্তত ৰঙিয়াস্থিত এছ এছ বিৰ ২৪ নং বেটেলিয়ন আৰু কুমাৰীকাটা বন কাৰ্যলয়ৰ যৌথ অভিযানত এজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীজনৰ কবলৰ পৰা জন্তুৰ হাড় জব্দ কৰিবলৈ সক্ষম হয়৷ আটকাধীন চোৰাং চিকাৰীজনৰ নাম দেৱান চৰেন বুলি জানিব পৰা গৈছে৷ ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰীয়ে জীৱ-জন্তু চিকাৰ কৰাৰ এক খবৰ লাভ কৰিছিল বনবিভাগে৷

লগতে পঢ়ক : মহাকাশ পৰ্য্যটন যাত্ৰাত ভাৰতীয় মহিলাৰ বৰঙণি

শনিবাৰে সন্ধিয়াৰ ভাগত এছ এছ বিৰ জোৱান আৰু বন বিভাগৰ কৰ্মচাৰীসকলে গোপনে এক অভিযান চলাই ১ নং ডোঙাৰ গাঁৱৰ চিটকাজানত চোৰাং চিকাৰীজনক জংঘলত চিকাৰৰ বাবে খাপ পিটি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন চোৰাং চিকাৰীজনৰ পৰা ধনুকাঁড়, মৰা চৰাইৰ পাখি ধনেশহ পক্ষীৰ মূৰ আৰু কিছু হাড় জব্দ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply