গুৱাহাটী : এইবাৰ অসম আৰক্ষীৰ গুলীত আহত হ’ল চোৰাং চিকাৰী। বুধবাৰে নিশাৰ ভাগত গোলাঘাট জিলাৰ বোকাখাত আৰক্ষীৰ গুলীত আহত হয় এজন চোৰাং চিকাৰী।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত পানবাৰী ৰিজেৰ্ভ ফৰেষ্টত সংঘটিত হয় এই গুলী চালনা।

আৰক্ষীৰ গুলীত আহত হোৱা চোৰাং চিকাৰীজন মণিপুৰৰ থাংগৌ সিং ভি খামফৌপ। মণিপুৰৰ উগ্ৰপন্থী সংগঠন জেমী ৰিভলিউচনেৰী আৰ্মী নামৰ সংগঠনটোৰ সদস্য থাংগৌ সিং ভি খামফৌপ। মণিপুৰৰ উগ্ৰপন্থী সংগঠনটোৰ এইজন সদস্য গঁড় হত্যাৰ লগত জড়িত।

থাংগৌ সিং ভি খামফৌপে গঁড় হত্যাত ব্যৱহাৰ কৰা লুকুৱেই ৰখা মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ বাবে আৰক্ষীয়ে নিয়াৰ সময়ত পানবাৰী ৰিজেৰ্ভ ফৰেষ্টত থাংগৌ সিং ভি খামফৌপে আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰে। আহত উগ্ৰপন্থী সংগঠনৰ সদস্য তথা গঁড় চিকাৰীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক : খহনীয়াৰ ফলত দিকবিদিক হেৰুৱাইছে শোণিতপুৰ জিলাৰ তেলীয়াগাঁৱৰ ৰাইজে

উল্লেখ্য যে গঁড় চিকাৰী তথা মণিপুৰৰ উগ্ৰপন্থী সংগঠন জেমী ৰিভলিউচনেৰী আৰ্মীৰ সদস্য থাংগৌ সিং ভি খামফৌপক ১৩ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়ন কৰাৰ সময়ত থাংগৌ সিং ভি খামফৌপকৰ লগতে জুৱেল গগৈ নামৰ এজন আৰক্ষী কনিষ্টবলো আহত হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত জুৱেল গগৈৰ নামৰ আৰক্ষী কনিষ্টবল আৰু থাংগৌ সিং ভি খামফৌপকৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply