নিউজ ডেস্কঃ ৰাজ্যত অব্যাহত আছে গঁড়ৰ চিকাৰ। এই কথা ঘোষণা কৰিলে খোদ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। 

উল্লেখ্য় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে- ২০২২চনত অসমত গঁড়ৰ চোৰাং চিকাৰ হোৱা নাই। কিন্তু তাৰ বিপৰীতে বন মন্ত্ৰীগৰাকীয়ে জনালে যে- এটা গঁড়ৰ হত্যা কৰিছিল চোৰাং চিকাৰীয়ে।

ইফালে, মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে- ২০২২ বৰ্ষটো এক যুগান্তকাৰী বছৰ আছিল কিয়নো ৰাজ্যখনত চোৰাং চিকাৰীৰ হাতত কোনো গঁড়ৰ মৃত্যু হোৱা নাছিল। কাজিৰঙা, মানস, ওৰাং সকলো ৰাষ্ট্ৰীয় উদ্যানতে বা পবিতৰা অভয়াৰণ্যত কোনো গঁড় চিকাৰ কৰা হোৱা নাছিল।

যদি মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাখিনি সঁচাই হয় তেন্তে চোৰাং চিকাৰীয়ে এটা গঁড়ৰ হত্যা কৰা তথ্য ক’ত লাভ কৰিলে বন মন্ত্ৰীগৰাকীয়ে? নে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক নতুন বছৰত ভাল লগাবলৈহে এই ঘোষণা কৰিছিল?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply