গুৱাহাটী : বড়ো ভূমিৰ চোৰাং চিকাৰী সকল অতি শীঘ্ৰে অস্ত্ৰ ত্যাগ কৰিব। ইতিমধ্যে কিছুদিন পূৰ্বে বহু চোৰাং চিকাৰীয়ে অস্ত্ৰ ত্যাগ কৰিছে। অহা ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা চোৰাং চিকাৰী সকল অস্ত্ৰ ত্যাগ কৰাৰ সম্ভাৱনা আছে। এই কথা জানিবলৈ দিয়ে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে।

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গণেশ মংগল যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে যে কিছুদিন পূৰ্বে বড়ো ভূমিত বহু চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰ পিছতে এতিয়াও বন্যপ্ৰাণীৰ চিকাৰ আৰু গছ কটাৰ লগত জড়িত বহু চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ বাবে চৰকাৰৰ লগত যোগাযোগ স্থাপন কৰিছে।

এই চোৰাং চিকাৰী সকলে অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা অস্ত্ৰ ত্যাগ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কে আলোচনা অব্যাহত আছে। দুই-এদিনৰ ভিতৰতে সকলো চূড়ান্ত হ’ব বুলিও জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে। অস্ত্ৰ ত্যাগ কৰা এই চোৰাং চিকাৰী সকলক চৰকাৰে বিভিন্ন আঁচনিৰ মাধ্যমেৰে পুনৰ সংস্থাপন কৰিব।

লগতে পঢ়ক-নীতি বৰ্হিভূত ভাবে হোজাইত গঢ় লৈ উঠিছে একাংশ অবৈধ পানী পেকেজিং কৰা কোম্পানী

বি টি আৰ প্ৰধান গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে চোৰাং চিকাৰী সকলৰ আত্মসমৰ্পণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা চলি আছে। আত্মসমৰ্পণ কৰা চোৰাং চিকাৰী সকলক চৰকাৰৰ ফালৰ পৰা ৫০ হাজাৰ টকা এককালীন সাহায্য প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply