নিউজ ডেস্কঃ বিগত বহু দিন ধৰি অসুস্থতাত ভুগি থকা কবি, গীতিকাৰ ড° বিৰিঞ্চি কুমাৰ মেধিয়ে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ডাউন টাউন হস্পিটেলতে চিকিৎসাধীন হৈ থকা কবি গৰাকী মৃত্যু সময়ত ৭৫ বছৰ বয়স হৈছিল। তেওঁৰ মৃত্যুত অসমৰ সাহিত্য, সংস্কৃতি আৰু শিক্ষা ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পেলাইছে। কবি গৰাকীৰ নশ্বৰ দেহ বুধবাৰে চিকিৎসালয়ৰ পৰা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়লৈ নিয়াৰ পাছত মঙলদৈৰ লৈ যোৱা হয়।

জানোঁ আহক ড° বিৰিঞ্চি কুমাৰ মেধিৰ বিষয়ে কিছু কথা

ড° বিৰিঞ্চ কুমাৰ মেধিৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৪ নৱেম্বৰত মঙলদৈ চহৰত । ১৯৬৪ চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিক উত্তীৰ্ণ হোৱা কবি গৰাকী ১৯৬৯ চনত কটন কলেজৰ পৰা নৃতত্ত্ব বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

লগতে, ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্রী প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে আৰু ১৯৯০ চনত অসমীয়া শিখসকলক লৈ গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে।

কৰ্মজীৱন হিচাপে ১৯৭২ চনত তেওঁ আর্য বিদ্যাপীঠ মহাবিদ্যালয়ত নৃতত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে আৰম্ভ কৰে পিছত ১৯৮১ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে যোগ দিয়ে আৰু ২০০৩–২০০৬ বৰ্ষলৈ তেওঁ এই বিভাগৰ মুৰব্বী হিচাপেও দায়িত্ব লাভ কৰিছিল। ২০১৩ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ড° বিৰিঞ্চি কুমাৰ মেধিয়ে অৱসৰ গ্ৰহণ কৰে।

প্ৰায় ৯৭খন ৰিছাৰ্চ পেপাৰৰ উপৰি কবিতা আৰু গীতৰ বহুসংখ্যক গ্ৰন্থ ৰচনা কৰা প্ৰয়াত ড° বিৰিঞ্চি কুমাৰ মেধি আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত গীতিকাৰ আছিল। কণ্ঠশিল্পী ৰিদিপ দত্তৰ অতি জনপ্ৰিয় গীত ‘যিদিনা মোক বিচাৰি নেপাবা’ৰ স্রষ্টাও আছিল প্ৰয়াত ড° বিৰিঞ্চি কুমাৰ মেধি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply