টিয়কঃ টীয়কৰ ‘মা বিবাহ ভৱন’ত কবি সুশান্ত বৰাৰ ‘পানীজুনুকা’ শীৰ্ষক কাব্য সংকলন উন্মোচন কৰা হয়।
টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক বিমান শইকীয়াই আঁতধৰা তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° অনিল কুমাৰ শইকীয়াৰ সঞ্চালনাত আয়োজিত উন্মোচনী সভাত অসমৰ বিশিষ্ট কবি আৰু সাহিত্য সমালোচক ৰাজীৱ বৰাই আনুষ্ঠানিকভাৱে ‘পানীজুলুকা’ কাব্য সংকলন উন্মোচন কৰে।
লগতে পঢ়কঃবন্যহস্তীৰ পৰা পৰিত্ৰাণ পাবলৈ নেদেখাজনক প্ৰাৰ্থনা
উক্ত সভাত যোৰহাটৰ কেইবাগৰাকীও বিশিষ্ট কবি,সাহিত্যিক,সমালোচক উপস্থিত থাকি সুশান্ত বৰাৰ উক্ত সংকলনৰ ওপৰত মন্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে, সভাৰ আৰম্ভণিতে যোৰহাটৰ মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুওৱা অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিত বিশিষ্ট শিক্ষাবিদ ড° অকণ চন্দ্ৰ শইকীয়াই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু উপস্থিত সকলোৱে বিদেহ আত্মাৰ সদগতিৰ অৰ্থ প্ৰাথনা নেদেখাজনৰ চৰণত প্ৰাৰ্থনা আগবঢ়ায়।