সোণাৰি: আজি ব’হাগ বিহুৰ প্ৰথমটো দিন গৰু বিহু পালন কৰিছে ৰাজ্যবাসীয়ে। অসমীয়াৰ অতিকৈ আপোন ব’হাগ বিহুৰ সমান্তৰালকৈ তাই বৌদ্ধ লোকসকলে অনুষ্ঠিত কৰিছে ”পয় চাংকেন” উৎসৱ। অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেইটামান সৰু সৰু তাই জনগোষ্ঠী তাই ফাকে , তাই খাময়াং , তাই আইতন, তাই তুৰুং, তাই খামটিৰ লগতে চিংফৌ সকলে উদযাপন কৰিছে পয় চাংকেন ।
চ’ত মাহৰ শেষ দিনটোৰ পৰা ব’হাগৰ দুই তাৰিখলৈকে পালন কৰা হয় “পয় চাংকেন” উৎসৱ। এই উৎসৱত প্ৰতিখন গাঁওৰ বৌদ্ধ বিহাৰত সকলোৱে সমৱেত হৈ বৌদ্ধ মঠত থকা সকলো বৌদ্ধ মূৰ্তি বাহিৰলৈ আনি বিশুদ্ধ পানীৰে স্নান কৰায়। লোক বিশ্বাস অনুসৰি এনেদৰে বৌদ্ধ মূৰ্তি স্নান কৰিলে গাঁওখনৰ অপায়-অমংগল দূৰ হোৱাৰ লগতে শান্তিৰ পৰিৱেশে বিৰাজ কৰে। সমান্তৰালকৈ ইজনে সিজনৰ গালৈ বিশুদ্ধ পানী ছটিয়াই বৌদ্ধবৰ্ষ আৰম্ভণিৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে অসমত বৌদ্ধ ধৰ্মাৱলম্বী গাওঁ সমূহৰ তাই বৌদ্ধ লোকসকলে পালন কৰা এই পয় চাংকেন উৎসৱক ব’হাগ বিহুৰ আন এক ৰূপ বুলিব পাৰি। মন কৰিবলগীয়া যে থাইলেণ্ড, লাউচ, কম্বোডিয়া, ম্যানমাৰ, ভিয়েটনাম আদি দেশৰ লগতে সোণাৰিৰ চলাপথাৰ শ্যাম গাঁওৰ লোকসকলেও আজিৰেপৰা পালন কৰিছে পয় চাংকেন উৎসৱ।