জাগীৰোডঃ কভিড -১৯ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে।
সান্ধ্য আইন চলি থকাৰ মাজতে অব্যাহত আছে ড্ৰাগছ আৰু জালনোটৰ অবৈধ বেহা ৷
বৃহস্পতিবাৰে সান্ধ্য আইন চলি থকা মাজতে জাগীৰোড আৰক্ষীয়ে ড্ৰাগছ আৰু জালনোট চক্ৰ ধৰা পেলাবলৈ সক্ষম হয়।
জাগীৰোড আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছসহ জালনোট জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষী সুত্ৰই প্ৰকাশ কৰা মতে, আটক কৰা লোকজন পলাহগুৰি গাঁৱৰ মানস ৰাডু কাকতি ৷ বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু জালনোট সৰবৰাহ কৰিবলৈ জাগীৰোডলৈ অহাৰ সময়তে আৰক্ষীৰ তালাচী অভিযানত আটক হয় যুৱকজন ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷