ধেমাজি, মনোজ শইকীয়াঃ অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জাতিক লৈ অপমানসূচক মন্তব্য কৰা যুৱকক আটক। লখিমপুৰৰ লীলাবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছে ধৃত ছফিকুল ইছলামক। কিছুদিন পূৰ্বে চিচিবৰগাৱঁৰ এজন যুৱকৰ সৈতে ফোনত বাৰ্তালাপ কৰি ছফিকুল ইছলামে চুতীয়া জাতিটোক অপমানসূচক মন্তব্য কৰা এক ফোন ৰেকৰ্ডিং ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
শেহতীয়াকৈ চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 295(A)/294/506 ধাৰাৰ 111/2022 নম্বৰৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই কালি লখিমপুৰ জিলাৰ লীলাবাৰীৰ পৰা ধেমাজি আৰক্ষীয়ে আটক কৰি আজি চিলাপথাৰ থানালৈ আনে। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে ধৃত ছফিকুল ইছলাম (২৭) ।
যুৱকজন লিলাবাৰীৰ আব্দূল আটিফৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৰ্তমান যুৱকজনক সোধ-পোছ অব্যাহত ৰাখিছে। ইফালে, সংবাদ মাধ্যমৰ আগত নিজৰ ভুল স্বীকাৰ কৰি সমগ্ৰ চুতীয়া জাতিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিলে ধৃত ছফিকুল ইছলামে।
উক্ত ঘটনাৰ উচিত তদন্ত কৰিবলৈ ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰা পিছতেই জিলা প্ৰশাসনে ধৃত যুৱক জনক আটক কৰাত ধন্যবাদ জ্ঞাপন কৰা লগতে উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।