গুৱাহাটী : মহানগৰী গুৱাহাটীত আৰক্ষীৰ অভিযান। অভিযানত জব্দ নকল টকা ছপা কৰা প্ৰিন্টাৰ আৰু কম্পিউটাৰ। মথুৰানগৰৰ এগৰাকী মিজো মহিলাৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে নকল টকা ছপা কৰা প্ৰিন্টাৰ আৰু কম্পিউটাৰ। ঘটনাৰ লগত জড়িত এজন ব্যক্তি পলাতক। আৰক্ষীৰ অভিযান অব্যাহত।
এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মথুৰানগৰত এগৰাকী মিজো মহিলাৰ ঘৰৰ পৰা নকল টকা ছপা কৰা প্ৰিন্টাৰ আৰু কম্পিউটাৰ জব্দ কৰে। আৰক্ষীয়ে নকল টকা ছপা আৰু বজাৰত নকল টকা মেলি দিয়া মামণি ৰায় বড়ো নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছিল।
মামণি ৰায় বড়োক জেৰা চলোৱাৰ পিছত আৰক্ষীয়ে মথুৰানগৰত লুচি নামৰ মিজো মহিলা গৰাকীৰ ঘৰত অভিযান চলাই নকল টকা ছপা কৰা প্ৰিন্টাৰ আৰু কম্পিউটাৰ জব্দ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে নকল টকা ছপা কৰাৰ মূল অভিযুক্তৰ আজমল হকৰ বকোৰ ২ নং চাকলা বৰুৱাস্থিত ঘৰৰ লগতে ফটাশিল আমবাৰীৰ ভাড়া ঘৰত অভিযান চলায়।
লগতে পঢ়ক : তেজপুৰত ধৰ্ষণৰ বলি হ’ল ৩বছৰীয়া শিশু
আৰক্ষীয়ে আজমল হক বকো আৰু আমবাৰীৰ ভাড়া ঘৰৰ পৰা সন্দেহজনক ১ লাখ নকল টকাৰ লগতে প্ৰিন্টাৰ আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। আজমল হক বৰ্তমান পলাতক অৱস্থাত আছে। আৰক্ষীয়ে আজমল হকৰ পত্নীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। আজমল হকৰ ঘৰৰ পৰা আৰক্ষীয়ে আমি সচিবালয়ৰ প্ৰৱেশ পত্ৰও উদ্ধাৰ কৰে।