মঙলবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসমৰ কাছাৰ জিলাত আৰক্ষীয়ে বিপুল পৰিমাণৰ হেৰ’ইন জব্দ কৰে।
সোণাই আৰক্ষীয়ে কচুদাৰামৰ পৰা ৩ কেজি ওজনৰ হেৰ’ইন আৰু ব্ৰাউন চুগাৰ থকা প্ৰায় ১৫২টা চাবোনৰ বাকচ জব্দ কৰিছে।লগতে দুজন বেপাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ যোগেদি এই কথা অৱগত কৰে।
বৰ্তমান ব্যক্তিদুজন আৰক্ষীৰ জিম্মাত আছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে সুধা-পোছা অব্যাহত ৰাখিছে।