নিউজ ডেস্কঃ উজনি অসমত পুনৰ আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত বৃহস্পতিবাৰে পুৱতি নিশা সংঘৰ্ষ হয়। তিনিচুকীয়াৰ মালুগাঁৱত হোৱা এই সংঘৰ্ষৰ ফলত আৰক্ষীৰ গুলীত এজন আলফা কেডাৰৰ মৃত্যু হয়। মৃত কেডাৰজন উত্তম লাহন ওৰফে উদয় অসম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

ঘটনাটোৰ পিছত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাভে কয় যে, যোৱা এসপ্তাহধৰি মাৰ্ঘেৰিটা আৰু লেখাপানী আৰক্ষী থানা অঞ্চলৰ অজ্ঞাত স্থানত ৭ ৰ পৰা ৯ জন আলফা কেডাৰৰ এটা গোটৰ উপস্থিতিৰ বিষয়ে এক গোপন তথ্য লাভ কৰিছিল। গোপন তথ্যৰ ভিত্তিতে বুধবাৰৰ নিশা পৰা এক অভিযান আৰম্ভ কৰা হৈছিল। অভিযানৰ সময়তে এজন কেডাৰ নিহত হৈছিল।

লগতে তেওঁ জানিবলৈ দিয়ে যে, সংগঠনটোৰ সদস্যসকলে তিনিচুকীয়াৰ পৰা এজন প্ৰভাৱশালী ব্যৱসায়ীক অপহৰণৰ পৰিকল্পনা কৰাৰ লগতে DGP জি পি সিং আৰু IGP জিৎমল দলেক আক্ৰমণৰ বাবে টাৰ্গেট কৰি লৈছিল ।

ৰাতি অন্ধকাৰৰ সুযোগ লৈ আলফাৰ বাকীবোৰ কেডাৰ ওচৰৰ অৰণ্য লৈ পলাই যোৱা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে পলায়ন কৰা আলফা কেডাৰ সকলক বিচাৰি তালাচী অভিযান ইতিমধ্যেই আৰম্ভ কৰিছে। তালাচী অভিযান অব্যাহত থকাৰ বাবে অঞ্চলটোক চাৰিওফালৰ পৰা ঘেৰাও কৰা হৈছে বুলি তেওঁ লগতে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply