বকোঃ বকোত ডকাইতৰ গুলীত গুৰুতৰভাৱে আহত আৰক্ষীৰ লোক। মঙলবাৰে সন্ধিয়া বকোৰ ৰজাপাৰাৰ এখন গ্ৰোচাৰী দোকানৰ পৰা ৬ লাখ টকা লুটি পলায়নৰ চেষ্টা চলোৱা সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰাৰ চেষ্টা কৰোতেই আৰক্ষীলৈ গুলীচালনা কৰে ডকাইতৰ দলটোৱে। গুলীচালনাত তিনিজন লোকৰ লগতে অসম আৰক্ষীৰ এজন কমাণ্ডোক আহত হয়।
উল্লেখ্য যে, ডকাইতৰ খবৰ লাভ কৰিয়ে বকো আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ চন্দ্ৰ নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে স্থানীয় ৰাইজৰ সহযোগত ৰজাপাৰা অঞ্চলত অভিযান চলাইছিল।
আৰক্ষীয়ে দৰ্চিং বসুমতাৰী নামৰ এজন ডকাইতক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে যদিও দৰ্চিং বসুমতৰীয়ে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। গুলীচালনাত অসম আৰক্ষী কমাণ্ডো আশ্ৰাফুল আলম গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছতেই ডকাইতটোক স্থানীয় ৰাইজে কৰায়ত্ত কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰে।
আৰক্ষীয়ে বাকী আহতকেইজনক বকো প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে, কিন্তু দৰ্চিং আৰু আৰক্ষী জনৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। ইতিমধ্যে জিএমচিএইচলৈ লৈ যোৱাৰ পথতে দৰ্চিং বসুমতাৰীৰ মৃত্যু হয়। আৰক্ষীয়ে আন এজন অভিযুক্ত ৰমেন বসুমতাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।