নিউজ ডেস্ক: গগৈ উপাধিক সাঙুৰি প্ৰদান কৰা এটা টুইটৰ বাবে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাৰ বিৰুদ্ধে শিৱসাগৰত এখন এজাহাৰ দাখিল কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে জাতীয় সংগ্ৰামী সেনা নামৰ এটা স্থানীয় সংগঠনে মৈত্ৰই নিজৰ টুইটৰ জৰিয়তে সমগ্ৰ অসমীয়া সমাজক অপমান কৰা বুলি অভিযোগ কৰি আৰক্ষীৰ ওচৰত এখন লিখিত এজাহাৰ দাখিল কৰাৰ লগতে সাংসদ গৰাকীক বিনাচৰ্তে ক্ষমা বিচাৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে মহুৱা মৈত্ৰই শেহতীয়াকৈ অসংসদীয় শব্দৰ এখন তালিকা প্ৰকাশ পোৱাৰ পিছতে এই উক্ত তালিকাৰ প্ৰতিক্ৰিয়াত এই টুইটটো পোষ্ট কৰিছিল।

অসংসদীয় শব্দৰ বিকল্প সন্দৰ্ভত মোৰ নতুন টুইটাৰ ছিৰিজৰ প্ৰথমটো প’ষ্ট। নিষিদ্ধ শব্দ- যৌন নিৰ্যাতন বিকল্প- মিষ্টাৰ গগৈ, বৃহস্পতিবাৰে তেওঁ টুইটত লিখিছিল।

ইয়াৰ পিছতে তেওঁক সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হয়। বিশেষকৈ অসমৰ একাংশ লোকে ইয়াক আহোমসকলৰ লগতে সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান বুলি মন্তব্য কৰে।

অৱশ্যে, তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে শুকুৰবাৰে দিয়া আন এটা টুইটত তেওঁ গগৈ সম্প্ৰদায়ক বুজোৱা নাই বুলি স্পষ্ট কৰি দি কয় যে তেওঁ ৰঞ্জন গগৈক উদ্দেশ্য কৰি হে উক্ত প’ষ্টটো দিছিল।

উল্লেখযোগ্য যে ২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল আৰু উচ্চতম ন্যায়ালয়ে বিষয়টোৰ ওপৰত এক নিজাববীয়া তদন্ত হাতত লৈছিল।

পিছত গগৈক তিনিজন ন্যায়াধীশৰ এখন বিচাৰপীঠে ক্লীন চিট দিছিল।

আনহাতে, সাংসদ গৰাকীয়ে তেওঁৰ উক্ত মন্তব্যৰ বাবে যদি ক্ষমা নিবিচাৰে তেন্তে জাতীয় সংগ্ৰামী সেনাই উজনি অসমত টি এম চিক কোনোধৰণৰ সভা বা ৰেলী অনুষ্ঠিত কৰিবলৈ নিদিয়ে সকিয়াই দিয়ে।

অৱশ্যে শুকুৰবাৰে শিৱসাগৰ সদৰ থানাত দাখিল কৰা এজাহাৰখনৰ ওপৰত এই পৰ্য্যন্ত কোনো গোচৰ পঞ্জীয়ন কৰা হোৱা নাই বুলি উল্লেখ কৰি বিষয়টো পৰীক্ষা কৰি থকা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply