গুৱাহাটী,৪ জানুৱাৰী: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুণৰ এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে গড়চুক আৰক্ষী গুলিত আহত হল ড্ৰাগছ মাফিয়া তাচেৰ আলী(৩২)।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে কালি নিশা প্ৰায় ১১.৩০ মান বজাত ড্ৰাগছ মাফিয়া তাচেৰ আলীক লৈ তাচেৰ আলীৰ সহযোগীক বিচাৰি আৰক্ষী অভিযান চলাবলৈ যাওতে আজাৰাত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষী কনিষ্টবল এ শইকীয়া আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে তাচেৰ আলীক আৰক্ষীয়ে গুলিচালনা কৰে।
তাচেৰ আলীৰ সোভৰিত গুলি লগাৰ পিছতে আৰক্ষীয়ে ড্ৰাগছ মাফিয়া আলীক জি এম চি এইচত ভৰ্তি কৰায়।
উল্লেখ্য যে, সোমবাৰে গড়চুক আৰক্ষীয়ে অভিযান চলায় ISBTৰ পৰা ৫০০ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়া তাচেৰ আলীক গ্ৰেপ্তাৰ কৰিছিল।
] মণিপুৰৰ পৰা বাছেৰে সৰবৰাহ কৰা অৱস্থাত জব্দ কৰিছিল ড্ৰাগছখিনি । জব্দ হোৱা হেৰইন খিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ৪ কোটি টকা ।
লগতে পঢ়ক- শ্বিলং যাবলৈ ওলাইছে নেকি,তেনেহলে জানি লওক নিয়ম সমূহ