লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত নিশা এনকাউণ্টাৰ ৷
চোৰাং গৰু বেপাৰীক লক্ষ্য কৰি ধলপুৰ আৰক্ষীৰ গুলী ৷
উক্ত ঘটনাত দুটা গৰু বেপাৰী আহত হোৱাৰ বিপৰীতে পলায়ণ কৰিবলৈ সক্ষম হয় আন তিনিটা গৰু বেপাৰী ৷
মহম্মদ বদৰ আলি আৰু আদাদুল ইছলাম নামৰ দুটাৰ ভৰিত গুলি লাগি আহত হয় ৷
ছয় ৰাউন্ড গুলী কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওতে আৰক্ষীৰ গুলীচালনা৷
ইতিমধ্যে দুয়োকে লখিমপুৰ মেডিকেললৈ প্ৰেৰণ কৰিছে ৷
আনহাতে ২৪ টা গৰু সহ এখন নম্বৰ প্লেট বিহীন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে।