নগাঁও: নগাঁৱত পুনৰ এনকাউণ্টাৰ। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি জুৰিয়াত আৰক্ষীৰ গুলী।জুৰিয়া বালিকটীয়াত সংঘটিত হৈছে এই এনকাউণ্টাৰ ৷ গুলীবিদ্ধ হৈছে ড্ৰাগছ মাফিয়া ছাহজাহান আলি ওৰফে চাজু ৷
ড্ৰাগছ মাফিয়াটোৰ জুৰিয়া বালিকটীয়াৰ থকা বাসগৃহত তালাচী চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল ছাহজাহান আলিয়ে ৷ পিছত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷
ভৰিত গুলী লগা ছাহজাহানক নগাঁও অসমাৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GMCH লৈ প্ৰেৰণ কৰে ৷
ড্ৰাগছ মাফিয়াটোৰ জুৰিয়া বালিকটীয়াত থকা বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ আৰক্ষীয়ে ৷উল্লেখ্যযে- আনন্দ মিশ্ৰ যোৱাৰ পিছত নগাঁও আৰক্ষীৰ এয়া হ’ল প্ৰথমটো এনকাউণ্টাৰ ৷
নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি , আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ বালিকটীয়াত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ ছাহজাহান আলী ওৰফে ছাজুক আটক কৰে।
আৰক্ষীয়ে ছাজুৰ বাসগৃহত তালাচী চলাই হেৰ’ইন উদ্ধাৰ কৰে। কিন্তু হঠাৎ ছাজুৱে আৰক্ষীৰ এজন জোৱানক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায়। উপায়ন্তৰ হৈ আৰক্ষীয়ে ছাহজাহানৰ ভৰিত গুলীচালনা কৰে।
লগতে পঢ়ক- যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ