পুৱতি নিশা ভালুকপুং ১২ মাইলত পুলিচ আৰু এনডিএফবি কেডাৰৰ মাজত মাজত হোৱা সংঘৰ্ষত খাম্পাদাৰ বসুমতাৰী আৰু ইকৰাদাও নাৰ্জাৰী গুলীবৃদ্ধ হৈছে। দুয়োজনৰে সোঁভৰিত গুলী লাগিছে। দুয়োকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
পৰিয়াল বৰ্গই আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰা বুলি দাৱী কৰিছে। বহু বছৰৰ আগতেই নিষিদ্ধ সংগঠনটোৰ সদস্য আছিল যদিও আত্মসমৰ্পনৰ যোগেদি স্বাভাৱিক জীৱন যাপন কৰি আহিছিল তিনিজন সদস্যই।
দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা উক্ত তিনিজন সদস্যই ২০ বছৰৰ আগতেই আত্মসমৰ্পন কৰিছিল। আৰক্ষীয়ে আজি এই তিনিজন সদস্যক পুৱতি নিশা শুইথকা অৱস্থাৰ পৰা উঠাই আনি ভূৱা এনকাউণ্টাৰৰ ঘটনাই সমগ্ৰ অঞ্চলৰ লগতে পৰিয়াল বৰ্গকো আতংকিত কৰিছে। চিকিৎসালয়ৰ ফালৰ পৰা দুয়োৰে সোঁভৰিত গুলী লগাৰ কথা প্ৰকাশ কৰিছে।