নিউজ ডেস্কঃ পূৰ্বৰ ঘটনাৰ পৰা শিক্ষা নলয় অসম আৰক্ষীয়ে। ওদালগুৰিৰ কেনাৰাম বসুমতাৰী বুলি ডিম্বেশ্বৰ মুছাহাৰীক এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ ঘোৰহাটত কৰিলে একে পুনৰাৱৰ্তন ঘটনা। ভাগ্যক্ৰমে এইবাৰ যেনিবা এনকাউণ্টাৰ কৰা নহ’ল নিৰ্দোষী।

দেওবাৰে নিশা ১০.৩০ বজাত স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত অহা আৰক্ষী এটা দলে যোৰহাটৰ তৰাজান পূজা মন্দিৰৰ চৌহদত জিতেন ৰহিদাস বুলি পাপু ৰহিদাস নামৰ যুৱকজনকে নিৰ্মম ভাৱে প্ৰহাৰ কৰে।

তৰাজান পূজা মন্দিৰৰ বিষয়ববীয়াই জনোৱা অনুসৰি, জোতা পিন্ধি অহা আৰক্ষী বাহিনীয়ে পূজাৰ মন্দিৰৰ বেদী গছকিবলৈও কুণ্ঠাবোধ নকৰে। পাপু ৰহিদাসে তেওঁ জিতেন ৰহিদাস নহয় বুলি কোৱাৰ পাছতো অসম আৰক্ষীয়ে জিতেন ৰহিদাস বুলি সজাই আটক কৰে। পিছত পাপুৱে আটক কৰাত বাধা দিয়াত আৰক্ষীয়ে নিৰ্মম ভাৱে প্ৰহাৰ কৰে।

পাপুৱে আৰক্ষী প্ৰহাৰত চিঞৰ মৰাৰ বাবে মন্দিৰ কৰ্মচাৰী জিতেন ৰহিদাসে শোৱাৰ পৰা উঠি আহি পৰিস্থিত বুজ লৈ নিজক জিতেন ৰহিদাস বুলি আৰক্ষীয়ে পৰিচয় দিয়ে। তাৰ পিছতেই আৰক্ষীয়ে পাপুক প্ৰহাৰ কৰা বাদ দি জিতেন ৰহিদাস ওপত জপিয়াই পৰে।

নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ পিছত জিতেনক মুমুৰ্ষ অৱস্থাত আটক কৰি কোনো চিকিৎসা প্ৰদান নকৰাকৈ পুলিবৰ থানালৈ যোৱা হয় বুলি মন্দিৰৰ বিষয়ববীয়াই জনাই।

আৰক্ষীয়ে মন্দিৰৰ ভিতৰত জোতা পিন্ধি প্ৰৱেশ কৰা, এজন নিৰপৰাধী ব্যক্তিক অপৰাধী সজাই আটক কৰিবলৈ চেষ্টা চলোৱা বাবে সোমবাৰে পুৱাতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে।

পুলিবৰ থানাৰ ৬-৭ জনীয়া আৰক্ষীৰ দলে ধৰ্মীয় অনুভূতিত আঘাতহনাত তৰাজান পূজা মন্দিৰ সমিতিয়ে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনাক লিখিত ভাৱে সোমবাৰে (১৩/০৩/২০২৩) এক স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰৰ পিছতেই আৰক্ষী অধীক্ষক মোহন লাল মিনাক মন্দিৰ কৰ্তৃপক্ষৰ ওচৰত দোষ স্বীকাৰ কৰি মন্দিৰৰ চিচিটিভি ৰেকৰড হোৱা ফুটেজ যাতে কোনো সংবাদ মাধ্যমে লাভ নকৰে তাৰ বাবে সতৰ্ক কৰি দিয়ে। আৰু মন্দিৰ শুদ্ধিকৰণৰ সকলো ব্যৱস্থা আৰু ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

যোৰহাট আৰক্ষীয়ে কৰা ঘটনাটোক সম্পূৰ্ণৰূপে গাপ দিবলৈ পাপু ৰহিদাস আৰু জিতেন ৰহিদাসৰ চিকিৎসা ব্যয় প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে, আৰক্ষী দলটোৱে বিচাৰি যোৱা জিতেন ৰহিদাসে কিছুদিনৰ পূৰ্বে এটা গোচৰত এজন চিনাকি লোকক জামিনত লৈছিল। কিন্তু জিতেনে জানিমত লোৱা লোকজনৰ বিৰুদ্ধে আদালতত হাজিৰ হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰাৰ বাবে ৱাৰেণ্ট জাৰি হৈছিল।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply