নিউজ ডেস্ক : মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ‘হিট এণ্ড ৰান’ গোচৰত চাৰ্জশ্বীট দাখিল কৰিছে মহানগৰ আৰক্ষীয়ে। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত হোৱা জামিন আৱেদনৰ শুনানিত আৰক্ষীয়ে এই কথা অৱগত কৰে।

আজিৰ শুনানিত চৰকাৰী পক্ষই নিম্ন আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ কথা অৱগত কৰাৰ পিছত উচ্চ ন্যায়ালয়ে উক্ত গোচৰটো ক্ল’জ কৰি ৰাজকন্যা বৰুৱাক জামিনৰ বাবে নিম্ন আদালতৰ কাষ চাপিবলৈ কয়।

উল্লেখযোগ্য যে যোৱা ২ অক্টোবৰৰ মাজনিশা গুৱাহাটীৰ ৰাজপথত কাম কৰি থকা ৮ জনকৈ শ্ৰমিকক গাড়ীৰে মহটিয়াই গুৰুতৰভাৱে আহত কৰাৰ মডেল ৰাজকন্যা বৰুৱাক ৬ অক্টোবৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক : তাজ ভিভান্টাৰ নৈশপাৰ্টিৰ তদন্ত আগ নাবাঢ়িল কিয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply