মৰিগাঁও : মৰিগাঁৱৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক চৈয়দ আলী ওৰফে পঠা গুলীবিদ্ধ। আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াই পুনৰ আটক কৰে শিশু ধর্ষণকাৰী চৈয়দ আলী ওৰফে পঠাক।

মৰিগাঁৱৰ বালিডোংগাত কিশোৰী ধৰ্ষণ গোচৰত অভিযুক্ত আছিল চৈয়দ আলী ওৰফে পঠা। বৃহস্পতিবাৰে নিশা ঘটনাস্থলীলৈ তদন্তৰ বাবে নিয়াৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা সময়তে আৰক্ষীয়ে তিনি জাই গুলী বর্ষণ কৰি পুনৰ কৰায়ত্ব কৰে ছৈয়দ আলীক।

গুলীবিদ্ধ ছৈয়দ আলীক মৰিগাঁৱত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। এগৰাকী ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল ছৈয়দ আলীয়ে।

লগতে পঢ়ক : কৃত্ৰিম বানৰ ফলত শাক-পাচলিকে ধৰি জলকীয়াৰ খেতি কৰা কৃষকৰ বিস্তৰ ক্ষতি

উল্লেখ্য যে, এই ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোংগাত সংঘটিত হৈছিল এই জঘন্য কাণ্ড৷ ৯ বছৰীয়া কিশোৰীগৰাকীক পাষণ্ডটোৱে প্ৰথমে ধৰ্ষণ কৰে আৰু পিছত হত্যা কৰে। মৰিগাঁও আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা ৬৫ বছৰীয়া নৰপিশাচ ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply