গুৱাহাটী : শনিবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ হাটীগাঁৱত আৰক্ষীৰ গুলী চালনা। এখন বাহনক উদ্দেশ্যি আৰক্ষীয়ে নিশা হাটীগাঁৱত গুলী চালনা কৰে। আৰক্ষীৰ গুলী বাহনখনৰ পিছৰ চকাত লাগে যদিও বাহনখন পলায়ন কৰিবলৈ সক্ষম হয়।

মহানগৰ আৰক্ষীয়ে শনিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত হাটীগাঁৱত অভিযান চলায়। আৰক্ষীয়ে এখন বাহনক নিশা ৰখিবলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশক অমান্য কৰি বাহনখন পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰে।

আৰক্ষীৰ গুলী বাহনখনৰ পিছৰ চকাত লাগে যদিও বাহনখন পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দুখন বাহনত ড্ৰাগছ থাকৰ তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে নিশা অভিযান চলায় মহানগৰীৰ হাটীগাঁৱত।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ আত্মহত্যা

এখন বাহনৰ পৰা আৰক্ষীয়ে ০.৫ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছে যদিও অন্য এখন বাহন পলায়ন কৰে। তদন্ত অব্যাহত থকাৰ বাবে বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply