মৰাণ: ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ফটিকাছোৱা নেপালী গাঁৱত যোৱা নিশা মৰাণ আৰক্ষীৰ এটা দলে বাইক চোৰক ৰোধিবলৈ শূন্যলৈ গুলী চালনা কৰা ঘটনাকলৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ।
স্থানীয়লোকে অভিযোগ কৰা অনুসৰি, নিশা প্ৰায় ১০ বজাত মৰাণ আৰক্ষী এটা দলে চোৰৰ দলক পিছা কৰি যাওতে ফটিকাছোৱা নেপালী গাঁৱত স্থানীয় যুৱক তথা গাঁওৰক্ষী বাহিনীৰ সদস্য শংকৰ চুতীয়াই স্কুটীৰে গৈ থকাত পিছফালৰ পৰা আৰক্ষী দলে ৰবলৈ কোৱাত শংকৰ চুতীয়াই কোন লোকে ৰ’বলৈ কৈছে সেয়া ধৰিব নোৱাৰাত, নিশা ভয়তে প্ৰাণৰ মমতাত পলায়ন কৰাত আৰক্ষী দলটোয়ে শূন্যলৈ গুলী ফুটাই এক প্ৰকাৰে সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
পিছত স্থানীৰ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে । আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত বাতৰি কৰাৰ সময়লৈ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছে ।