ছিপাঝাৰৰ গৰুখুটিত উত্তপ্ত বেদখলকাৰীক উচ্ছেদ চলাবলৈ যাওতে আজি পৰিস্থিতি উতপ্ত হৈ পৰে।ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা কৰিব লগা হয়।
দৰং জিলা ঢলপুৰত চলা এই উচ্ছেদ অভিযানত দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান দখলকাৰীৰ।
উচ্ছেদৰ বাবে আৰক্ষী তথা প্ৰসাশনলৈ শিলাবর্ষণ দখলকাৰীসকলৰ।
এগৰাকী মহিলা কনিষ্ঠৱলসহ ১১ গৰাকী আৰক্ষী আঘাত প্ৰাপ্ত হয়।আঘাত প্ৰাপ্ত আৰক্ষী কনিষ্ঠবল সকলক চিকিৎসালয়লৈ প্ৰেৰণ।আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তয়াময়া ৰণ। শূন্যলৈ গুলীচালনা আৰক্ষীৰ। আৰক্ষীলৈ শিল নিক্ষেপ প্ৰতিবাদকাৰীৰ।
আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ উপৰিও শূন্যলৈ গুলীচালনা।
উচ্ছেদিত লোকসকলে নিজৰ ঘৰ খেৰৰ মেজি, মৰাপাতৰ ঠাৰি আদি নিজে জ্বলাই আতঙ্কৰ সৃষ্টি কৰে।
শেহতীয়াকৈ জানিব পৰা মতে আৰক্ষীৰ গুলীত নিহত হোৱা দুই বেদখলকাৰী হৈছে ছাদ্দাম হুছেইন আৰু শ্বেখ ফৰিদ ।
এই ঘটনাত আহত ১১ জন আৰক্ষীক মঙলদৈ অসামৰিক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক-গোলাঘাটত দুটা দিনত দুটাকৈ পিষ্টল উদ্ধাৰ
এই ঘটনাত গুৰুত্বৰ ভাবে আহত আৰক্ষী বিষয়া মণি আহমেদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱা সম্ভাবনা আছে ।
বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পৃথকে পৃথকে উচ্ছেদ অভিযান চলাবলৈ যাওতে পৰিস্থিতি উতপ্ত হৈ পৰে।
কিন্তু ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পুৱাৰে পৰা উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলাই শ শ লোকে বাধা দি শিলাবৰ্ষণ কৰে আৰু আৰক্ষীক মাৰিবলৈ খেদি আহে।
দৰং জিলাৰ ঢলপুৰ চাপৰিত উচ্ছেদক লৈ সংঘটিত হিংসাত্মক ঘটনাত গুৰুতৰভাবে আহত আৰক্ষী জোৱান এগৰাকীক উন্নত চিকিৎসাৰ বাবে মঙলদৈৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।