সান্ধ্যআইন ভংগকাৰীলৈ আৰক্ষীৰ গুলাচালনা

টীয়ক: নৈশ সান্ধ্যআইন ভংগকাৰীৰ গাড়ী ধৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগা হৈছে এইখন অসমত। ঘটনাটো সংঘটিত হৈছে টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।

যোৱা নিশা AS-05-A-4550 নম্বৰৰ মাৰুতি গাড়ীখন শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীৰ নিয়মীয়া তালাচীত ৰখাবলৈ সংকেত দিছিল। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ীখন তীব্ৰগতিৰে পলায়ন কৰে।

এনে কাৰ্যত গৌৰীসাগৰ আৰক্ষীৰ সন্দেহ হোৱাত তাৎক্ষণিক ভাৱে টীয়ক আৰক্ষীক জনায়। টীয়ক আৰক্ষীয়ে ঘটনাটোক লৈ তৎপৰ হোৱাৰ সময়তে কলীয়াপানীৰ ঘাইপথ সংযোগী আন এটা পথেৰে গাড়ীখন পলাবলৈ লওঁতে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে আৰু তেনেসময়তে গাড়ীখনৰ চকা ফুটি ৰৈ যায়।

ইতিমধ্যে গাড়ীখন জব্দ কৰাৰ লগতে গাড়ী খনৰ চালক হাঁহচৰা চাংমাই গাঁৱৰ ধ্ৰুৱজ্যোতি গগৈ নামৰ যুৱকজনক আটক কৰে। টীয়ক আৰু গৌৰীসাগৰ আৰক্ষীয়ে গাড়ীখনত তালাচী চলাই কোনোধৰণৰ সন্দেহজনক সামগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটোক লৈ তদন্ত অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক ছিপাঝাৰৰ খাৰখোৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply