কোকৰাঝাৰ : ৰাজ্যত পুনৰ অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। গৰু মাফিয়াক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। কোকৰাঝাৰত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ গুলীত অহাত গৰু মাফিয়াজনক চিকিৎসালয়ত ভৰ্তি।
শনিবাৰে পুৱতি নিশা কোকৰাঝাৰ জিলাত সংঘটিত হয় এক গুলী চালনাৰ ঘটনা। আৰক্ষীয়ে বাধ্য হৈ গুলী চালনা কৰে এজন গৰু মাফিয়াক লক্ষ্য কৰি। আৰক্ষীৰ গুলীত আহত হয় খাইৰুল ইছলাম নামৰ গৰু মাফিয়াজন।
জানিব পৰা মতে গৰু মাফিয়া খাইৰুল ইছলামক আটক কৰি আৰক্ষীয়ে খাইৰুল ইছলামক লগতলৈ অন্য গৰু সৰবৰাহকাৰীক বিচাৰি গৈছিল। আৰক্ষীৰ অভিযানৰ সময়ৰতে খাইৰুল ইছলামে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে খাইৰুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে।
আৰক্ষীৰ গুলীত ভৰিত লগাত আহত হয় খাইৰুল ইছলাম। আহত গৰু মাফিয়া খাইৰুল ইছলামক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে খাইৰুল ইছলাম দীর্ঘদিন ধৰি গৰু সৰবৰাহৰ লগত জড়িত হৈ আছিল।