গুৱাহাটী : পুনৰ অসম আৰক্ষীৰ কবলৰ পৰা অপৰাধীৰ পলায়নৰ চেষ্টা, পুনৰ অসম আৰক্ষীৰ গুলী চালনা। এইবাৰ আৰক্ষীৰ গুলী চলিল ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰীৰ ওপৰত। হত্যাকাৰী ৰিংকু শৰ্মাক উদ্দেশ্যি আৰক্ষীৰ গুলী চালনা।
অসম আৰক্ষীৰ আইন শৃংখলাৰ এডিজিপি জি পি সিঙে টুইটযোগ নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মাক আৰক্ষীয়ে গুলীওৱা বুলি প্ৰকাশ কৰিছে। আইন শৃংখলাৰ এডিজিপি জি পি সিঙে টুইটযোগে কয় যে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে ৰিংকু শৰ্মাক গুকীয়াই।
লগতে পঢ়ক : থলুৱা আৰু আধুনিক সংগীতৰ ফিউজনেৰে অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এগৰাকী শিল্পী
উল্লেখ্য যে কিছুদিন পূৰ্বে মিৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰিংকু শৰ্মাই ৰাজপথ দাৰে আক্ৰমণ কৰিছিল। গুৰুতৰভাৱে আহত নন্দিতা শইকীয়া চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিছিল। ৰিংকু শৰ্মাৰ আক্ৰমণত নন্দিতা শইকীয়াৰ অন্য এগৰাকী ছাত্ৰীও আহত হৈছিল।